ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধিৰ পৰিবৰ্তে উচ্চ ন্যায়ালয়ত সৃষ্টি হৈছে জটিলতা। ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুমতি বিচাৰি আবেদন কৰিছিল যদিও ন্যায়ালয়ে এই পৰ্যন্ত সকাহ দিয়া নাই ৰাজ্য চৰকাৰক।
আজি পঞ্চায়ত নিৰ্বাচনক লৈ চূড়ান্ত ৰায়দান প্ৰদান কৰাৰ কথা আছিল যদিও ন্যায়ালয়ে ৰায় প্ৰদান নকৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান নকৰাৰ বাবে এতিয়া অনিশ্চয়তাত পঞ্চায়ত নিৰ্বাচন।
ইফালে মাঘ বিহুৰ বাবে আগন্তুক ১৯ জানুৱাৰীলৈকে গুৱাহাটী উচ্চ ন্যায়ালয় বন্ধ থাকিব। সেয়ে অনলাইন মাধ্যমেৰে শনিবাৰে প্ৰকাশ পাব পাৰে ৰায়দান।
বিষয়টো স্পৰ্শকাতৰ বাবে ৰায় প্ৰদান কৰাত ন্যায়াধীশে কিছু সময় লোৱা বুলিও আজি প্ৰকাশ কৰে।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে ইতিমধ্যেই ফেব্ৰুৱাৰীৰ প্ৰথম ১০ দিনৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু পঞ্চায়ত সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হোৱা কিছু জটিলতাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে গোচৰ।
আজি এই গোচৰৰ চূড়ান্ত ৰায়দান দিয়াৰ কথা আছিল যদিও এই পৰ্যন্ত ন্যায়ালয়ে চূড়ান্ত ৰায়দান দিব পৰা নাই।
ইফালে, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
তেওঁ কয়, ‘আজি নিশা ১২ বজাৰ ভিতৰত যদি ন্যায়ালয়ে ৰায় দিয়ে তেন্তে আজিয়েই ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন। যদি আজি ১২ বজাৰ ভিতৰত ৰায় নিদিয়ে তেন্তে মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীৰ পিছতহে নিৰ্বাচন পাতিব পৰা যাব।’