জৰুৰীকালীন অৱস্থাৰ সময়ত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হোৱা লোকসকলক মাহেকত ২০ হাজাৰ টকাকৈ পেঞ্চন প্ৰদান কৰিব। ওড়িশাৰ ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।
ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা জাননী অনুসৰি, মাহিলী পেঞ্চনৰ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ত কাৰাবন্দী হোৱা লোকসকলৰ সকলো ধৰণৰ চিকিৎসা সেৱাও প্ৰদান কৰিব।
২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা জীয়াই থকা সকলো যোগ্য লোকে চৰকাৰৰ এই সুবিধা লাভ কৰিব বুলিও জানিবলৈ দিয়ে।
ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত অৰ্থাত ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈ দেশত প্ৰযোজ্য হোৱা জৰুৰীকালীন অৱস্থাক বিৰোধিতা কৰাৰ অভিযোগত ওড়িশাৰ প্ৰায় শতাধিক লোকক গ্ৰেপ্তাৰ কৰি দেশৰ বিভিন্ন জেইলত বন্দী কৰি ৰাখিছিল।
জানিব পৰা অনুসৰি, প্ৰকৃত লোকসকলক চিনাক্ত কৰাৰ বাবে চৰকাৰে ৰাজ্যিক আৰু জিলা পৰ্যায়ত সমিতি গঠন কৰিছিল।
যোৱা ২ জানুৱাৰীত এই আঁচনিৰ কথা ঘোষণা কৰিছিল ওড়িশাৰ মুখ্যমন্ত্ৰী মোহণ চৰণ মাঝিয়ে। ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই পেঞ্চন।