আন্দোলন কৰি থকা কৃষকসকলৰ সৈতে ১৪ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’ব। কৃষকসকলে দীৰ্ঘদিনৰ পৰা কৰি অহা দাবীৰ ওপৰতে চণ্ডীগড়ত দুয়ো পক্ষৰ মাজত এই বৈঠক অনুষ্ঠিত হ’ব।
শনিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ এজন শীৰ্ষ বিষয়াই এই কথা জানিব দিয়ে। কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ যুটীয়া সচিব প্ৰিয় ৰঞ্জনৰ নেতৃত্বত যোৱা এটা দলে বিভিন্ন দাবীত অনশন কৰি থকা কৃষক নেতা জগজীত সিং ডল্লেৱালা আৰু ইউনাইটেড কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ প্ৰতিনিধিক সাক্ষাৎ কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বিগত ৫৪ দিনৰ পৰা অনশন কৰি থকা জগজীত সিং ডল্লেৱালাৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখি কেন্দ্ৰীয় চৰকাৰে তেওঁক মেডিকেল সহায় লোৱাৰ অনুৰোধ জনাইছিল।
কেন্দ্ৰৰ প্ৰতিনিধি প্ৰিয়া ৰঞ্জনে কয়, ‘আমি তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে কৃষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হৈছিলো। আমি তেওঁক অনশন ভংগ কৰি চিকিৎসাৰ সহায় ল’বলৈ অনুৰোধ জনাইছো যাতে তেওঁ প্ৰস্তাৱিত বৈঠকত অংশগ্ৰহণ কৰিব পাৰে।’
উল্লেখ্য যে, যোৱা ২৬ নৱেম্বৰৰ পৰা খানৌৰী সীমান্তত অনশন কৰি আহিছে ডাল্লেৱালাই। এনে পৰিস্থিতিত কৃষকসকলে তেওঁৰ শাৰিৰীক অৱস্থা ‘গুৰুতৰ’ বুলি অভিহিত কৰিছে। এই অনশনৰ বাবে ডাল্লেৱালাৰ শৰীৰৰ ২০ কিলোগ্ৰাম ওজন হ্ৰাস পাইছে আৰু তেওঁ এতিয়াও চিকিৎসাৰ সহায় ল’বলৈ অস্বীকাৰ কৰিছে।
স্মৰ্তব্য যে, বিগত বৰ্ষৰ ৮, ১২, ১৫ আৰু ১৮ ফেব্ৰুৱাৰীত কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা হৈছিল যদিও প্ৰতিখন বৈঠকেই হৈছিল বিফল। কৃষকৰ মূল দাবী হৈছে শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্য (MSP)ৰ আইনী নিশ্চয়তা।
ইফালে বিগত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা পঞ্জাৱ-হাৰিয়ানাৰ খানৌৰী আৰু শম্ভূ সীমান্তত কৃষকসকলে শিবিৰ পাতিছে। এই পৰ্যন্ত ১২১ গৰাকী কৃষকে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত অনশনত বহি আছে।