সন্ত্ৰাসজৰ্জৰ উত্তৰ আফ্ৰিকাৰ চুডানৰ এখন হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ড্ৰ’ন আক্ৰমণ। এই আক্ৰমণত আক্ৰমণত ৬৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়।
শনিবাৰে চিকিৎসা সূত্ৰই জনোৱা মতে, চুডানৰ দাৰফুৰ অঞ্চলৰ এল-ফাশ্বাৰৰ শেষৰখন কাৰ্যক্ষম চিকিৎসালয়সমূহৰ ভিতৰত এখনত ড্ৰ’ন আক্ৰমণ সংঘটিত হয়।
শুকুৰবাৰে সন্ধিয়া ছৌদি হাস্পতালত সংঘটিত কৰা বোমা বিস্ফোৰণৰ ফলত জৰুৰীকালীন বিভাগৰ ভৱনটো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰা বুলি জানিব পৰা গৈছে।
চুডানৰ কোনটো বিদ্ৰোহী সংগঠন বা পক্ষই এই আক্ৰমণ সংঘটিত কৰিছে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই।
স্থানীয় কৰ্মী আৰু চিকিৎসা সূত্ৰই জনোৱা অনুসৰি কিছু সপ্তাহ পূৰ্বে হাস্পতালখনৰ সেই একেটা অট্টালিকাতে আৰ এছ এফৰ ড্ৰ’নে খুন্দা মাৰিছিল।
উল্লেখ্য যে, দাৰফুৰৰ বিশাল পশ্চিম অঞ্চলটো দখল কৰি থকা পেৰামিলিটেৰী ৰেপিড ছাপৰ্ট ষ্টাফৰ সৈতে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা চুডানৰ সেনাই যুদ্ধত লিপ্ত হৈ আহিছে।
উল্লেখ্য যে ছৌদি হাস্পতালখন হৈছে এতিয়াও কাৰ্যক্ষম হৈ থকা অস্ত্ৰোপচাৰ ক্ষমতা থকা একমাত্ৰ ৰাজহুৱা চিকিৎসালয়। সেয়ে বিদ্ৰোহী সংগঠনসমূহে এই হাস্পতালখন আক্ৰমণৰ লক্ষ্য কৰি আহিছে।