ছুইডেনৰ ওৰেব্ৰো চহৰৰ এখন বিদ্যালয় চৌহদত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ গুলীচালনা। এই গুলীচালনাৰ ঘটনাত অতি কমেও ১০ জন লোকৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে। ছুইডেনৰ ইতিহাসত এইটোৱে আটাইতকৈ ভয়াৱহ গুলীচালনাৰ ঘটনা বুলি অভিহিত কৰা হৈছে।
আৰক্ষীয়ে জানিব দিয়া অনুসৰি, মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে আক্ৰমণকাৰীও। ওৰেব্ৰো চহৰৰ আৰক্ষী প্ৰধানে জনোৱা অনুসৰি, গুলীচালনাত আন বহু লোকো আহত হৈছে যদিও এই পৰ্যন্ত সঠিক সংখ্যা জানিব পৰা হোৱা নাই।
এজন অস্ত্ৰধাৰীয়ে এই গুলীচালনাৰ ঘটনা সংঘটিত কৰি নিজেও আত্মহত্যা কৰে বুলি আৰক্ষীয়ে জানিব দিয়ে। আক্ৰমণকাৰীজনৰ পূৰ্বতে কোনো ধৰণৰ অপৰাধৰ সৈতে জড়িত নহয় আৰু কোনো সংগঠনৰ সৈতেও জড়িত নহয় বুলি আৰক্ষীয়ে জনায়।
কি কাৰণত দুৰ্বৃত্তজনে এই ঘটনা সংঘটিত কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।