ইভিএম সম্পৰ্কীয় এখন আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিছে যে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত ইলেক্ট্ৰ’নিক ভোটিং মেচিন অৰ্থাত ইভিএমৰ এছ অ’ পি কি?
দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া সংস্কাৰৰ বাবে অহৰহ কাম কৰি থকা সংস্থা এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ দ্বাৰা দাখিল কৰা হৈছিল এই আবেদন। আবেদনখনত ইভিএমৰ মেম’ৰি নোহোৱা কৰি পেলোৱাৰ বাবে নীতি নিৰ্ধাৰণৰ নিৰ্দেশনা বিচাৰিছিল।
সৰ্বোচ্চ ন্যায়ালয়ে লগতে ইভিএমৰ কোনো ধৰণৰ ডাটা ডিলিট নকৰিবলৈ তথা ৰিলোড নকৰিলবলৈও নিৰ্বাচন আয়োগক নিৰ্দেশ প্ৰদান কৰিছে।
দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কয় যে এইটো সংঘাতপূৰ্ণ নহয়। যদিহে পৰাজিত প্ৰাৰ্থীয়ে স্পষ্টীকৰণ বিচাৰে তেন্তে অভিযন্তাই স্পষ্টীকৰণ দিব পাৰে যে কোনো ধৰণৰ খেলিমেলি হোৱা নাই। ৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া সপ্তাহটোত এই সন্দৰ্ভত শুনানি অনুষ্ঠিত হ’ব।
আবেদনখনত ইভিএমৰ জ্বলি যোৱা মেম’ৰি আৰু মাইক্ৰ’কণ্ট্ৰ’লাৰ কোনো অভিযন্তাৰ দ্বাৰা পৰীক্ষা কৰি ইভিএমৰ লগত যে কোনো ধৰণৰ খেলি মেলি হোৱা নাছিল সেই কথা নিশ্চিত কৰিবলৈ দাবী জনোৱা হৈছে।
উল্লেখ্য যে, নিৰ্বাচনৰ ফলাফলত সন্দেহ উপজিলে ইভিএম পৰীক্ষা কৰিবলৈ নিৰ্দেশ দাবী কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদন সন্দৰ্ভত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিছিল।