অন্ত পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ। ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শক্তিৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে।
আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত উৎসাহ, উদ্দীপনা, বন্ধুত্বসুলভ মনোভাৱ আৰু সন্মান স্পষ্টকৈ দেখা পোৱা যায়। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে বাণিজ্যিক অংশীদাৰৰ পৰা আমদানিৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ এক আদেশত স্বাক্ষৰ কৰে।
দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাৰ সময়ত ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাক লৈ সহমতত উপনীত হয়। ট্ৰাম্পে কয় যে দুয়োখন দেশে একেলগে কাম কৰি ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণ কৰিব। ইয়াক ‘মিচন ৫০০’ নামেৰে নামাকৰণ কৰিছে।
প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত হোৱা বৈঠকত বাণিজ্য আৰু শুল্ক সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত ব্যাপক আলোচনা হয়। যদি ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্য বছৰি ৫০০ বিলিয়ন ডলাৰ হয়, তেন্তে ভাৰতীয় কোম্পানীসমূহে ইয়াৰ পৰা লাভৱান হ’ব। ৰপ্তানি বৃদ্ধি কৰাৰ সুযোগ পাব।
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক সংবাদমেলত ট্ৰাম্পে ঘোষণা কৰে যে তেওঁ আৰু মোদীয়ে এক চুক্তিত সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা ভাৰতে আমেৰিকাৰ পৰা অধিক তেল আৰু গেছ আমদানি কৰাত সহায়ক হ’ব। ইয়াৰ ফলত ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক ঘাটি হ্ৰাস পাব বুলি অনুমান কৰা হৈছে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ সামৰি স্বগৃহলৈ উভতিছে।