কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত। অহা ১৮ ফেব্ৰুৱাৰীত অন্ত পৰিব দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকাল। নতুন আয়ুক্তৰ নাম ঠিৰাং কৰিবলৈ দেওবাৰ বা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব বৈঠক। প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন বাছনি সমিতিৰ এই বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী।
নতুন মুখ্য নিৰ্বাচন আয়ুক্তৰ বাছনিৰ বাবে অনুসন্ধান সমিতিয়ে প্ৰস্তুত কৰিছে ৫ জনীয়া এক পেনেল। এই পেনেলত আছে নিৰ্বাচন আয়োগৰ দুই আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৰ নাম। ইয়াৰ উপৰি সন্নিৱিষ্ট হৈছে সচিব পৰ্যায়ৰ আন ৩ আমোলাৰ নাম।
অনুসন্ধান সমিতিয়ে দাখিল কৰা পেনেলৰ মাজৰ পৰাই বাছনি সমিতিয়ে এজনক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে চূড়ান্ত কৰিব।