ধিঙৰ সোনাৰী গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা। ভাৰতীয় সমাজত শিক্ষকক মমবাতিৰ লগত তুলনা কৰা হয়, যি নিজে গলি আনৰ জীৱনক পোহৰাই তোলে।
কিন্তু জীৱন গঢ়াৰ পৰিৱৰ্তে জীৱন নষ্ট কৰা এগৰাকী লম্পট শিক্ষকৰ কু-কৰ্মই লজ্জিত কৰিছে শিক্ষক সমাজক। ধিঙৰ এইগৰাকী শিক্ষক মুহাম্মদ আলীয়ে কলুষিত কৰিছে শিক্ষকৰ সকলো মান সন্মান।
এই ঘটনা সংঘটিত হৈছে ধিঙৰ সমীপৰ সোনাৰী গাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত।লম্পট প্ৰধান শিক্ষক মহম্মদ আলীৰ বিৰুদ্ধে এগৰাকী নাবালক কিশোৰৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
ইতিমধ্যে লম্পট শিক্ষক মহম্মদ আলীৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত গোচৰ ৰোজু কৰিছে অসহায় পৰিয়ালৰ লোকে। সম্প্ৰতি এই লম্পট শিক্ষকগৰাকী পলাতক অৱস্থাত আছে।বৰ্তমানেও মহম্মদ আলীক বিচাৰি ধিং আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
লম্পট শিক্ষক মহম্মদ আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবী জনাইছে স্থানীয় ৰাইজে।