ধৰ্ম-শাস্ত্ৰত সকলো কামৰ বাবেই নিয়ম আৰু শুদ্ধ পদ্ধতিৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ইয়াৰ ভিতৰত দান-বৰঙনি আগবঢ়োৱাৰ নিয়মো অন্তৰ্ভূক্ত কৰা হৈছে। প্ৰতিটো ধৰ্মতে দান দিয়াটো অতি উত্তম কাম বুলি গণ্য কৰা হয়, কিন্তু কিছুমান সাৱধানতালৈ লক্ষ্য নকৰিলে এই দান কাৰ্য্যই কোনো পূণ্য নকৰে। ইয়াৰ বিপৰীতে কেতিয়াবা ক্ষতিও কৰিব পাৰে।
দান দিয়াৰ আগতে কিছুমান নিয়ম জানি ল’ব লাগে-
- উৎসৱ-পাৰ্বনৰ সময়ত অথবা শীতকালত মানুহে নিজৰ পুৰণি কাপোৰ দুখীয়া অথবা আৰ্তজনৰ মাজত ভগাই দিয়ে। কিন্তু এইখিনি কাম কৰোঁতে কিছু নিয়ম মানি চলিব যাতে আপোনাৰ কাপোৰৰ সৈতে আপোনাৰ ভাগ্য বা উৰ্জা নাইকীয়া হৈ নাযায়।
- পুৰণি কাপোৰ দান কৰাৰ পূৰ্বে কাপোৰখিনি ভালধৰণে নিমখৰ পানীত উতলাই ধুই লৈ শুকুৱাৰ পিছত দান কৰিব লাগে। কিয়নো কাপোৰত আমাৰ শৰীৰৰ সকাৰাত্মক-নকৰাত্মক উৰ্জা থাকে। নিমখৰ পানীৰে কাপোৰ ধুলে, সেই উৰ্জা শেষ হৈ যায়। ইয়াৰ পিছত যদি কোনো ব্যক্তিয়ে এই কাপোৰ পিন্ধে, তেন্তে ইয়াৰ কোনো প্ৰভাৱ তেওঁৰ ওপৰত হোৱা উচিত নহয়।
- কেতিয়াও কোনো লেতেৰা অথবা ফাটি যোৱা কাপোৰ দান কৰিব নালাগে। এনেকুৱা কৰিলে পূণ্যৰ পৰিৱৰ্তে পাপ অৰ্জন কৰাহে হয়। সেয়েহে কাপোৰ দান কৰোঁতে ধুই লৈ, পৰিষ্কাৰ কাপোৰহে দিব লাগে। যদিহে ফটা-চিতা থাকে, সেয়াও চিলাইহে দিব লাগে। যাতে পিন্ধা ব্যক্তিজনেও ভাল পায়।
- কেতিয়াও নিজৰ অনুদান দেখুৱাব নালাগে। ভিডিঅ’ বনাব নালাগে, ফটো তুলিব নালাগে, কাকো এই বিষয়ে নক’ব। কোৱা হয় যে দান এনে হ’ব লাগে যে বাওঁহাতেৰে দিলে সোঁহাতেও ইয়াৰ বিষয়ে অজ্ঞাত হৈ থাকে। অন্যথা দানৰ পৰা ফল পোৱা নাযায়। সেয়েহে ধৰ্মশাস্ত্ৰত গোপন দানক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
- জ্যোতিষৰ মতে কাপোৰ দানৰ বাবে আটাইতকৈ শুভ দিন হ’ল পুৱাৰ সময়ত অমাৱস্যাৰ দিন, পূৰ্ণিমাৰ দিন আৰু শনিবাৰ।








