No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- অসম এৰিবলৈ টালি-টোপোলা বান্ধি পলাব লাগিব মিঞা। সন্দেহজনক লোকৰ ঘৰত বুলড’জাৰ চলাবলৈ সাজু প্ৰশাসন। গোলাঘাটৰ মেৰাপানীৰ ২ নং নেঘেৰীবিল আৰু উৰিয়ামঘাটত পুনৰ চলিব উচ্ছেদ। জুন মাহৰ পহিলা ভাগতে চলিব উচ্ছেদ। ২ নং নেঘেৰিবিলৰ ৫৯ টা আৰু উৰিয়ামঘাটৰ ১১ টা পৰিয়ালৰ বাসগৃহত চলিব বুলড’জাৰ। উচ্ছেদ চলিবলগীয়া অঞ্চল পৰিদৰ্শন ৰাজ্য বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা লাভ কৰাৰ পাছতে বন বিভাগ,জিলা প্ৰশাসনৰ পুনৰ উচ্ছেদৰ প্ৰস্তুতি। পশ্চিম গোৱালপাৰা,নগাঁও আৰু বৰপেটাতো চলিব উচ্ছেদ অভিযান।
- বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে বন্ধ হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষৰ সামৰণি।বৰষুণ আৰু বানপানীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উদ্যান কৰ্তৃপক্ষৰ তথ্য অনুসৰি, ২০২৫-২৬ পৰ্যটন বৰ্ষত কাজিৰঙালৈ ৪ লাখ ৬৮ হাজাৰৰো অধিক পৰ্যটক আহিছিল, যিটো পূৰ্ববৰ্ষতকৈ উল্লেখযোগ্যভাৱে অধিক। পুনৰ অক্টোবৰ-নৱেম্বৰ মাহত মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
- সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো দি ৰঙা ঘৰৰ আলহী এজন লোক। কাকী আৰক্ষীয়ে টঙিয়া অঞ্চলৰ পৰা আটক কৰে মুক্তাৰ আলী নামৰ লোকজনক।কাকী আৰক্ষীয়ে খেদি খেদি আটক কৰে মুক্তাৰক। মুক্তাৰে সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো আপলোড কৰি কোৰবানিৰ বাবে দুখ প্ৰকাশ কৰিছিল ৷
- যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা NEET পৰীক্ষাৰ কাগজ ফাদিল হোৱাৰ ফলত বাতিল কৰা হৈছিল। অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া NEET পুনৰ পৰীক্ষাৰ দিন ঘোষণা কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থায়ে NEET পুনৰ পৰীক্ষা ন্যায্য, স্বচ্ছ, শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে বৈঠক অব্যাহত আছে।এই সন্দৰ্ভত বৃহস্পতিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃহত এখন বৈঠক অনুষ্ঠিত হয়। ভাৰতীয় বায়ুসেনাই NEET পুনৰ পৰীক্ষাৰ কাগজ পৰীক্ষা কেন্দ্ৰলৈ লৈ যোৱাত সহায় কৰিব বুলি সহমতত উপনীত হয়। এই তথ্য কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজেই প্ৰদান কৰিছে।
- ইউক্ৰেইনত আমেৰিকাৰ সমৰ্থিত জৈৱ গৱেষণা কাৰ্যসূচীৰ অভিযোগ সন্দৰ্ভত ৰাছিয়াই পুনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ৰাছিয়াৰ তদন্ত সমিতিয়ে দাবী কৰিছে যে ইউক্ৰেইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে জড়িত কিছুমান জৈৱিক গৱেষণা কাৰ্যসূচীয়ে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ পৰা আৰ্থিক সহায় লাভ কৰা বুলি ইংগিত দিয়া নথি-পত্ৰ আৰু সামগ্ৰী লাভ কৰিছে।
No Result
View All Result