No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- অৰুণোদয়, ৰেচন, চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ১ আগষ্টৰ পৰা ৰাইজে নিয়মীয়াকৈ পাব প্ৰতিখন চৰকাৰী আঁচনিৰ সুবিধা। প্ৰতিটো যোগ্য পৰিয়ালে পাব অৰুণোদয়, ৰেচন, চৰকাৰী ঘৰ। ঘৰে ঘৰে গৈ পৰীক্ষা কৰি চৰকাৰী আঁচনি প্ৰদান কৰিব চৰকাৰে। লগতে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। আগন্তুক বাজেট অধিৱেশনৰ পিছৰ পৰা লাভ কৰিব আঁচনিৰ সুবিধা।
- মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। বিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ৩য় বৰ্গৰ কৰ্মচাৰীলৈ পদোন্নতি পাব। ৰাজ্যিক কৰ্মচাৰীৰ ২ শতাংশকৈ মৰগীয়া বানচ বৃদ্ধি। এতিয়াৰেপৰা ৬০% মৰগীয়া বানচ লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীসকলে। বান পৰিস্থিতিৰ বাবে ২% শতাংশ অতিৰিক্ত মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত। ৫০০ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী চহৰ হিচাপে গঢ়ি তোলা হ’ব। ৬ জুলাইত অসম বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হ’ব। পূৰ্বৰ ১ কোটি টকা বিধায়ক পুঁজিৰ বিপৰীতে এতিয়াৰে পৰা ডেৰ কোটি টকাকৈ বিধায়ক পুঁজি লাভ কৰিব।
- নগাঁৱত লাভ জেহাদৰ বলি অসমীয়া যুৱতী। বেবেজীয়াৰ এগৰাকী উচ্চশিক্ষিতা অসমীয়া যুৱতী বলি হ’ল লাভ জেহাদৰ। আশ্বাদুল ইছলাম নামৰ মুছলমান যুৱকৰ সৈতে যুৱতীগৰাকীৰ হৈছিল প্ৰেমৰ সম্পৰ্ক। পূৰ্বৰে পৰা বিবাহিত আৰু এটি সন্তানৰ পিতৃ আছিল আশ্বাদুল। নিজকে অবিবাহিত বুলি পৰিচয় দি যুৱতীগৰাকীক বিয়া কৰাইছিল আশ্বাদুলে। বিয়াৰ পিছৰে পৰা যুৱতীগৰাকীৰ চলাইছিল শাৰিৰীক আৰু মানসিক নিৰ্যাতন। বিয়াৰ পিছতে ধৰ্মান্তৰকৰণ কৰা হৈছিল যুৱতীগৰাকীক। ন্যায় বিচাৰি যুৱতীগৰাকীয়ে নগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ।
- পশ্চিম এছিয়াত আমেৰিকা আৰু ইজৰাইলৰ সৈতে চলি থকা সংঘাত আৰু উত্তেজনাৰ মাজতে ৫ জুনত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মোজতাবা খামেনেই এক বৃহৎ সিদ্ধান্তৰ কথা ঘোষণা কৰে। ইৰাণৰ চৰকাৰী নিউজ চেনেল প্ৰেছ টিভিৰ তথ্য অনুসৰি শুকুৰবাৰে সৰ্বোচ্চ নেতাই ২০০০ৰো অধিক কয়দীৰ শাস্তি ক্ষমা বা হ্ৰাস কৰে।
No Result
View All Result