ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অহা ৬ জুনত একেলগে তিনিখন টুৰ্ণামেণ্টৰ বাবে ভাৰতীয় টি-২০ আইৰ দল ঘোষণা কৰে। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ উপৰিও বিচিচিআইয়ে এইবাৰ জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ ২০২৬ৰ বাবেও টীম ইণ্ডিয়া ঘোষণা কৰে।
শ্ৰেয়াছ আয়াৰক ভাৰতৰ টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। সূৰ্যকুমাৰ যাদৱৰ পৰা অধিনায়কৰ পদ কাঢ়ি লোৱাৰ লগতে কোনো দলত অন্তৰ্ভুক্ত হোৱা নাই। ইফালে, ১৫ বছৰীয়া যুৱ চেনচেচন বৈভৱ সূৰ্যবংশীক এছিয়ান গেমছৰ লগতে ব্ৰিটেইন ভ্ৰমণৰ বাবেও দলত অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৬ চনৰ এছিয়ান গেমছৰ বাবে নিৰ্বাচিত দলতহে ষ্টাৰ ফাষ্ট বলাৰ জছপ্ৰিত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছে।বুমৰাহে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত খেলিব নোৱাৰিব।
২০২৬ চনৰ এছিয়ান গেমছৰ বাবে নিৰ্বাচিত দলটোত আছে ১৫ বছৰীয়া বৈভৱ সূৰ্য্যবংশী আৰু ৩২ বছৰীয়া তাৰকা বলাৰ যশপ্ৰীত বুমৰাহ। টীম ইণ্ডিয়াৰ বৰ্তমান আৰু ভৱিষ্যত একত্ৰিত হৈ ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিব। যোৱাবাৰৰ তুলনাত বিচিচিআইয়ে এছিয়ান গেমছৰ বাবে এটা শক্তিশালী দল বাছনি কৰিছে। জাপানত অনুষ্ঠিত হ’বলগীয়া এই ইভেণ্টৰ বাবে শ্ৰেয়াছ আয়াৰে দলটোৰ নেতৃত্ব দিব, আনহাতে ভাইচ অধিনায়ক হিচাপে থাকিব তিলক ভাৰ্মা।
এছিয়ান গেমছ ২০২৬ৰ বাবে ঘোষণা ভাৰতীয় দল–
শ্ৰেয়াছ আয়েৰ (অধিনায়ক), বৈভৱ সূৰ্যবংশী, অভিষেক শৰ্মা, সঞ্জু চেমছন, ঈশান কিষাণ, শিৱম ডুবে, তিলক ভাৰ্মা (উপ অধিনায়ক), নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, হৰ্ষিত ৰাণা, আৰ্শদ্বীপ সিং, জস্প্ৰীত বুমৰাহ।








