১২৮ বছৰৰ অন্তত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্ৰিকেট। বুধবাৰে নিশা অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া দেশৰ সংখ্যা নিৰ্ণয় কৰা হয়। ছয়খন দেশে স্বৰ্ণ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে।
ইফালে হ্ৰাস পাইছে ফুটবলত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা। ১৬খন দেশৰ বিপৰীতে আগন্তুক অলিম্পিকত ১২টা দলে অংশ ল’ব। আনহাতে মহিলা ফুটবলত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা বৃদ্ধি পাইছে। ১২ খনৰ বিপৰীতে ১৬খন দেশে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব।
উল্লেখ্য যে, শেষবাৰৰ বাবে ১৯০০ চনৰ অলিম্পিকত আছিল ক্ৰিকেট। সেইবাৰ মাত্ৰ এখন মেচহে খেলা হৈছিল। দীৰ্ঘদিন ধৰি আইচিচিয়ে ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাই আহিছিল আৰু সেই ক্ষেত্ৰত এইবাৰ সফল হ’ল।
বিশ্বৰ সৰ্ববৃহত প্ৰতিযোগিতাখনত ছটা দলে টি-২০ ফৰ্মেটত খেলিব। পুৰুষ আৰু মহিলা উভয়ৰ বাবে এই সংখ্যা একেই। প্ৰতিটো দলত সৰ্বাধিক ১৫ জন সদস্য থাকিব।
অৱশ্যে এই অৰ্হতা কেনেদৰে লাভ কৰিব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। আইচিচিৰ অধীনত ১২খন সম্পূৰ্ণ সদস্য দেশ। ইয়াৰ উপৰিও সহযোগী সদস্য হিচাপে ৯০ খনতকৈও অধিক দেশ আছে, যিয়ে মূলতঃ টি-২০ খেলে। আমেৰিকাই পোনপটীয়াকৈ আয়োজক হিচাপে যোগ্যতা অৰ্জন কৰিব পাৰে। বাকী দেশসমূহে কেনেদৰে যোগ্যতা অৰ্জন কৰিব সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব।