প্ৰতিবাদ ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ অধিকাৰ নাই চৰকাৰৰ। প্ৰতিবাদ বন্ধ কৰাৰ বাবে অন্য ব্যৱস্থা ল’ব লাগিছিল চৰকাৰে। তাৰ পৰিৱৰ্তে ৰাজপথত বেৰিকেড দি যাতায়ত বন্ধ কৰাৰ অধিকাৰ নাই চৰকাৰৰ। কৃষকসকলৰ প্ৰতিবাদৰ সময়ত এজন ২২ বছৰীয়া যুৱকৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে হাৰিয়ানা চৰকাৰৰ আবেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।
লগতে উচ্চতম ন্যায়ালয়ে কয়, ‘কৃষকসকলো এই দেশৰ নাগৰিক। চৰকাৰৰ কাম হৈছে তেওঁলোকক খাদ্য আৰু ভাল চিকিৎসা সেৱা প্ৰদান কৰা। প্ৰতিবাদী কৃষকসকল আহিব, শ্ল’গান দিব আৰু উভতি যাব। গতিকে তাৰ পৰিৱৰ্তে ঘাইপথ বন্ধ কৰি দিব নোৱাৰিব চৰকাৰে’।
পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে দুদিন পূৰ্বে শম্ভু সীমান্ত মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ শুনানিৰ সময়ত এই সিদ্ধান্ত দিছিল। আদালতে পঞ্জাৱ আৰু হাৰিয়ানা দুয়োকে আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিছিল। প্ৰতিবাদৰ সময়ত কৃষকজনৰ মৃত্যুৰ তদন্তৰ বাবে এখন এছআইটি গঠন কৰিবলৈA নিৰ্দেশ প্ৰদান কৰিছিল।
উল্লেখ্য যে, শম্ভু বৰ্ডাৰত বিগত ৫ মাহৰ পৰা কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজপথত বেৰিকেড স্থাপন কৰিছিল। যাৰ বাবে যাতায়ত ব্যৱস্থাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল।