আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত হয় গুলীচালনা।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে শনিবাৰে পেনচিলভেনিয়াৰ বাটলাৰত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত গুলীচালনাৰ ঘটনা সংঘটিত হয়। ঘটনাটোৰ পাছত, ট্ৰাম্পক তৎক্ষণাৎ আমেৰিকাৰ গোপন সেৱাৰ এজেণ্টসকলে মঞ্চৰ পৰা আঁতৰাই নিয়ে। খবৰ অনুসৰি, বাটলাৰ কাউণ্টি ডিএ য়ে কয় যে, পেনচিলভেনিয়াত ট্ৰাম্পৰ ৰেলীত গুলীচালনা কৰাৰ পিছত শ্বুটাৰ জনক গুলীয়াই হত্য়া কৰা হয়।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত ট্ৰাম্পৰ কাণৰ পৰা ৰক্তক্ষৰণ হোৱা দেখা গৈছে। ঘটনাটোৰ পাছত, এক বিবৃতিত ট্ৰাম্পৰ মুখপাত্ৰই কয় যে, প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী বৰ্তমান সুৰক্ষিত অৱস্থাত আছে। মুখপাত্ৰ ষ্টিভেন চেউঙে কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে এই শ্বুটিঙৰ সময়ত চেউঙৰ দ্ৰুত পদক্ষেপৰ বাবে তেওঁক ধন্যবাদ জনায়। চিএনএৰ বাতৰি অনুসৰি ৰেলীত গুলীচালনাৰ পাছত কমেও এজন ব্য়ক্তি আৰু বন্দুকধাৰী নিহত হয়।
ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে টুইট কৰি কয় যে পেনচিলভেনিয়াত ড’নাল্ড ট্ৰাম্পৰ ৰেলীত হোৱা গুলীচালনাৰ বিষয়ে তেওঁক অৱগত কৰা হৈছে। তেওঁ ট্ৰাম্পৰ লগতে তাত উপস্থিত থকা সকলোৰে বাবে প্ৰাৰ্থনা কৰে। বাইডেনে কয় যে, আমেৰিকাত এনেধৰণৰ হিংসাৰ বাবে কোনো স্থান নাই।
আকৌ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাই এই ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে।
ট্ৰাম্পৰ জেষ্ঠ্যপুত্ৰ ড’নাল্ড ট্ৰাম্প জুনিয়ৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাৰ সন্মুখত থিয় হৈ আৰু তেজেৰে মুখখন আৱৰি থকা এখন ফটো পোষ্ট কৰে। পোষ্টটোত, তেওঁ লিখে যে আমেৰিকাক বচাবলৈ তেওঁ কেতিয়াও যুঁজ বন্ধ নকৰে। পেনচিলভেনিয়াৰ গভৰ্ণৰ জছ শ্বাপিৰোৱে কয় যে, যিকোনো ৰাজনৈতিক দল বা নেতাক লক্ষ্য় কৰি কৰা হিংসা সম্পূৰ্ণৰূপেই গ্ৰহণযোগ্য নহয়।











