ভাৰতীয় বায়ুসেনাৰ পাইলট শুভাংশু শুক্লা আৰু আন তিনিজন মহাকাশচাৰী মহাকাশ অভিযান- Axiom-4 লৈ যাবলৈ সাজু হৈছে। ভাৰতৰ বাবেও এয়া এক গৌৰৱৰ মুহূৰ্ত। ৪১ বছৰৰ পাছত কোনো এজন ভাৰতীয় মহাকাশচাৰী মহাকাশলৈ যাবলৈ সাজু হৈছে।
২৫ জুন অৰ্থাত আজি দুপৰীয়া ১২.০১ বজাত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা স্পেচএক্সৰ ক্ৰু ড্ৰেগন চি২১৩ মহাকাশযানৰ জৰিয়তে উৎক্ষেপণ কৰা হ’ব। শুভাংশুৰ এই সাফল্যত কেৱল দেশেই নহয় তেওঁৰ পৰিয়ালটোও অতি সুখী।
শুভাংশুৰ গৃহ চহৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌতো এতিয়া উছাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে। তেওঁৰ পিতৃ শম্ভু দয়াল কয় যে তেওঁৰ পুত্ৰৰ এই সফলতাত কেৱল লক্ষ্ণৌই নহয় সমগ্ৰ দেশ আজি গৰ্বিত। তেওঁৰ মিশ্যন লঞ্চ হোৱা চাবলৈ আমি অতিশয় উৎসাহিত আৰু আনন্দিত হৈ আছো। আমাৰ আশীৰ্বাদ তেওঁৰ লগত আছে। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেওঁৰ মিশ্যন ভালদৰে সম্পন্ন হয়।
আমেৰিকাৰ ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স 39A ৰ পৰা উৰা মাৰিব এই ৰকেটটো। ফেলকন ৯ ৰকেটত উঠি স্পেচএক্স ড্ৰেগনে শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীক কক্ষপথত ঘূৰি ফুৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ লৈ যাব। অহা ২৬ জুনৰ পুৱা ৭ বজাত (বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি ৪.৩০ বজাত) মহাকাশযানখনে মহাকাশ কেন্দ্ৰটোৰ সৈতে ডক কৰাৰ কথা।