দক্ষিণ কলকাতাৰ কছৱা অঞ্চলত থকা দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ ভিতৰত এগৰাকী ছাত্ৰী গণ ধৰ্ষণৰ বলি হোৱাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। মহাবিদ্যালয়খনৰ পৰিসৰত ২৫ জুনৰ সন্ধিয়া ৭.৩০ বজাৰ পৰা নিশা ১০.৫০ মিনিটৰ ভিতৰত এই কাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
ইতিমধ্যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত কছৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে।
এই ঘৃণণীয় কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, ইয়াৰে এজন প্ৰাক্তন ছাত্ৰ আৰু দুজন বৰ্তমানৰ ছাত্ৰ।
গ্ৰেপ্তাৰ হোৱা অভিযুক্ত তিনিজনক ক্ৰমে প্ৰাক্তন ছাত্ৰ মোনোজিত মিশ্ৰা (৩১), জেইব আহমেদ (১৯) আৰু প্ৰমিত মুখাৰ্জী (২০) বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা আটাইকেইজনৰে মোবাইল ফোনকেইটা জব্দ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আদালতে এই তিনিওজন অভিযুক্তকে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।