মঙলবাৰে সদনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট। বাজেটত কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। মহিলা, যুৱক, কৃষকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত কেইবাটাও সামগ্ৰীৰ দাম হ্ৰাস কৰা হৈছে। সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰা কেইবাটাও সামগ্ৰীৰ দাম হ্ৰাস কৰা হৈছে বাজেটত।
দাম হ্ৰাস কৰা সামগ্ৰীসমূহ হ’ল-
১. ২৫ বিধ খনিজ পদাৰ্থৰ দাম হ্ৰাস
২. ভাৰতত নিৰ্মিত মোবাইল আৰু পাৰ্টছৰ দাম হ্ৰাস
৩. বৈদ্যুতিক তাঁৰৰ দাম হ্ৰাস
৪. চামৰাৰ সামগ্ৰীৰ দাম হ্ৰাস
৫. এক্সৰে মেচিনৰ দাম হ্ৰাস
৬. সোণ,ৰূপ, প্লেটিনামৰ দাম হ্ৰাস