বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে সংসদত মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উপস্থাপন কৰিছে।
চৰকাৰে এই সাধাৰণ বাজেট সম্পৰ্কীয় সকলো তথ্য দিবৰ বাবে, অফিচিয়েল এপ Union Budget App মুকলি কৰিছে। এই এপৰ দ্বাৰা সাধাৰণ জনতাই সমগ্ৰ বাজেট ফাইল ডাউনলোড কৰিব পাৰিব। এপটোত বাজেট সম্পৰ্কীয় সকলো তথ্য ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ হ’ব।
কেন্দ্ৰীয় বাজেট এপ হৈছে এক চৰকাৰী এপ য’ত বাজেট সম্পৰ্কীয় সকলো তথ্য উপলব্ধ হ’ব PDF ফৰ্মেটত। এই এপটো ডাউনলোড কৰি সাধাৰণ জনতাই সদনত উপস্থাপন হোৱা বাজেটৰ বিষয়ে তথ্য লাভ কৰিব পাৰিব।
ইয়াৰ উপৰিও ফেব্ৰুৱাৰী মাহত উপস্থাপন কৰা অন্তৱৰ্তীকালীন বাজেটৰ বিৱৰণো এই এপত উপলব্ধ হ’ব। এই এপৰ জৰিয়তে সাধাৰণ জনতাই বাজেট ফাইল ডাউনলোড কৰি পঢ়িব পাৰিব।
জানো আহক কেনেদৰে ডাউনলোড কৰিব বাজেট ফাইল?
- প্ৰথমে গুগল প্লে ষ্ট’ৰত গৈ কেন্দ্ৰীয় বাজেট এপটো ডাউনলোড কৰিব লাগিব।
- তাৰ পাছত এপত গৈ Log in কৰিব লাগিব।
- তাৰ পাছত বাজেট ফাইল ডাউনলোড কৰাৰ বিকল্পটো দেখা যাব।
- শেষত ডাউনলোড আইকনত ক্লিক কৰি নিজৰ ম’বাইলত সম্পূৰ্ণ বাজেট ফাইল ডাউনলোড কৰি ইয়াক পঢ়িব পাৰিব।