পেৰিছ অলিম্পিক ২০২৪ ত ভাৰতৰ খেল ২৫ জুলাই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব। পেৰিছত ভাৰতৰ প্ৰথমটো খেল আৰ্চাৰীত হ’ব।
ভাৰতৰ ছয়জন খেলুৱৈয়ে আৰ্চাৰী খেলত অংশগ্ৰহণ কৰিব। ভাৰতীয় আৰ্চাৰী দলটোৰ ওপৰত প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিৱদ্ধ হৈ থাকিব। কিয়নো এই দলটোৱে চলিত বছৰত চীনৰ ছাংহাইত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলত কোৰিয়াক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।
ভাৰতীয় পুৰুষ দলটোত আছে তৰুণদীপ ৰায়, প্ৰবীণ যাদৱ আৰু ধিৰাজ বম্মাদেওৰা। একেদৰে, মহিলাৰ দলটোত সকলোৰে দৃষ্টি দীপিকা, অংকিতা ভগত আৰু ভজন কৌৰৰ ওপৰত থাকিব।
উল্লেখ্য যে, ১৯৮৮ চনত চিউলত অনুষ্ঠিত হোৱা অলিম্পিকত প্ৰথমবাৰৰ বাবে আৰ্চাৰী খেল অন্তৰ্ভুক্ত কৰা হৈছিল। তেতিয়াৰ পৰাই ভাৰতীয় ধনুৰ্ধৰসকলে প্ৰায় প্ৰতিটো অলিম্পিকত অংশগ্ৰহণ কৰি আহিছে। অৱশ্যে, পদক লাভৰ পৰা দূৰত আছে খেলুৱৈসকল।
ভাৰতীয় ধনুৰ্বিদসকলে বৃহস্পতিবাৰে লেছ ইনভেলিডেছ গাৰ্ডেনত অৰ্হতা ৰাউণ্ডৰ সৈতে পেৰিছ অলিম্পিকত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব।
দুপৰীয়া ১ বজাৰ পৰা ভাৰতৰ প্ৰথমখন খেল
পেৰিছত ৰাতিপুৱা 8 বজাত (স্থানীয় সময় অনুসৰি) আৰ্চাৰী ৰেংকিং ৰাউণ্ড (পুৰুষ-মহিলা) খেল আৰম্ভ হ’ব। ভাৰতত এই খেলবোৰ দুপৰীয়া ১ বজাৰ পৰা পোনপটীয়াকৈ লাইভ হ’ব।
ৰেংকিং অৰ্হতা ৰাউণ্ডৰ দ্বাৰা নিৰ্ধাৰণ কৰা হ‘ব
তৰুণদীপ ৰায় আৰু দীপিকা কুমাৰীয়ে তেওঁলোকৰ চতুৰ্থ অলিম্পিকত অৱতীৰ্ণ হৈছে। এই দুজন অভিজ্ঞ ধনুৰ্ধৰৰ নেতৃত্বত ভাৰতীয় দলসমূহে অৰ্হতা ৰাউণ্ডত শীৰ্ষ-১০ ত স্থান লাভ কৰিবলৈ চেষ্টা কৰিব। প্ৰতিজন আৰ্চাৰে ৭২ টা শ্বট পাব। ৫৩ খন দেশে অৰ্হতা ৰাউণ্ডত অংশগ্ৰহণ কৰিছে। অৰ্হতা ৰাউণ্ডৰ ৰেংকিঙৰ ওপৰত আধাৰিত কৰি দেওবাৰৰ পৰা নকআউট ৰাউণ্ডৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।