কৃষিৰ জৰিয়তে স্বাৱলম্বী হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাই। আনৰ মাটি লীজত লৈ বিঘাই-বিঘাই কৰিছে ড্ৰেগন ফলৰ খেতি। তেখেতে উৎপাদন কৰা ড্ৰেগন ফল দেশৰ বিভিন্ন ৰাজ্যলৈ ৰপ্তানি হয়। পশ্চিমবংগ, শিলিগুড়ি, ফাঁচী বজাৰত কাৰ্টুনে কাৰ্টুনে ড্ৰেগন ফল যোগান ধৰে অধিবক্তাজনে।
কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা অধিবক্তাজন হৈছে গুৱাহাটীৰ মফিউল আলম মুন। পলাশবাৰী সমষ্টিৰ মনিয়েৰীত বিঘাই-বিঘাই কৰিছে ড্ৰেগন ফলৰ খেতি।
শিক্ষিত যুৱকক উৎসাহিত কৰাৰ উদ্দেশ্যে ওকালতি কৰাৰ সমান্তৰালকৈ আনৰ মাটি লীজত লৈ ড্ৰেগন ফল উৎপাদন কৰিছে মফিউল আলম মুনে।
উন্নত মানৰ চাৰিটা প্ৰজাতিৰ ড্ৰেগন ফলৰ বাগান কৰি বৰ্তমান যথেষ্ট সুখী লোকজন।
উল্লেখ্য যে, দুবছৰ পূৰ্বেই পলাশবাৰীত আৰম্ভ কৰা ড্ৰেগন ফলৰ ফাৰ্মখন অঞ্চলটোত এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ।