IPL ২০২৬ৰ মাজতেই লাগিল অথন্তৰ। পুনৰ বিতৰ্কত সোমাই পৰিছে ৰাজস্থান ৰয়েলছ (RR)ৰ অধিনায়ক ৰিয়ান পৰাগ। পঞ্জাব কিংছ(PBKS)ৰ বিৰুদ্ধে চলি থকা খেলৰ সময়তেই ৰিয়ান পৰাগে ই-চিগাৰেত হুপি থকা দৃশ্য কেমেৰাত বন্দী হৈছে। তাৰ পিছতেই এই ফুটেজ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰে।
এই খেলখনৰ দ্বিতীয় ইনিংছৰ ১৬সংখ্যক অভাৰ চলি থকাৰ সময়তে সেই মুহূৰ্তৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যাৰ বাবে এই খেলত দলটোৰ জয়ৰ খবৰতকৈও ৰিয়ানৰ এই ভিডিঅ’য়ে অধিক শিৰোনাম দখল কৰিছে।
২৮ এপ্ৰিলত মুল্লানপুৰৰ নিউ পিচিএ ষ্টেডিয়ামত চলি থকা খেলৰ সময়তেই এনেদৰে দেখা গৈছিল ৰিয়ানক। IPLৰ নিয়ম অনুসৰি, ড্ৰেছিং ৰুমত ধূম্ৰপান নিষিদ্ধ, গতিকে এইক্ষেত্ৰত ৰিয়ানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।
উল্লেখ্য যে, Prohibition of Electronic Cigarettes Act (PECA), 2019ৰ অধীনত ভাৰতত ভেপিং আৰু ই-চিগাৰেটৰ ব্যৱহাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। এই আইন উলংঘা কৰিলে ৬০,০০০ টকাৰ পৰা ৫ লাখ টকাৰ জৰিমনা আৰু ৬ মাহৰ পৰা ৩ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা আছে। যিহেতু ইয়াৰ ব্যৱহাৰ বে-আইনী, সেয়েহে ষ্টেডিয়ামৰ চৌহদত এয়া ব্যৱহাৰ কৰাটো এক গুৰুতৰ অপৰাধ বুলি গণ্য কৰিব পাৰে। গতিকে ইয়াৰ বাবে ৰিয়ান সতৰ্কবাণী, জৰিমনা তথা নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।











