TVKৰ মুৰব্বী থালাপতি বিজয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰাৰ পিছৰে পৰা কাৰ্যকৰী হৈছে এক্সন মুড। বিধানসভা নিৰ্বাচনৰ সময়ত মহিলাসকলক নিৰাপত্তা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এতিয়া, তেওঁ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰা যেন পৰিলক্ষিত হৈছে।
তেওঁ পুনৰবাৰ বৃহৎ প্ৰশাসনিক সালসলনি কৰি ৩০খন জিলাৰ ভিতৰত ১৩খন জিলাৰ বাঘজৰী মহিলাৰ হাতত অৰ্পণ কৰিছে। তেওঁ মহিলা IAS বিষয়াক COLLECTOR হিচাপে নিযুক্তি দিছে, য’ত প্ৰথমবাৰৰ বাবে মহিলা IAS বিষয়া নিযুক্তি দিয়া কেইবাজনো আছে।
এই নিযুক্তিৰ লগে লগে মুখ্যমন্ত্ৰী বিজয়ে মহিলা সকললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। কল্লাকুৰিচি জিলাৰ প্ৰথমগৰাকী মহিলা COLLECTOR হিচাপে পৰিগণিত হৈছে IAS বিষয়া পদ্মজা। আকৌ চেন্নাইৰ মালাথি হেলেন, আৰিয়ালুৰৰ মৃনালিনী, কল্লাকুৰিচিৰ পদ্মজা, কাঞ্চিপুৰমৰ স্নেহা, পেৰামবালুৰ সৰন্য আৰী, পুডুক্কোট্টাইৰ অৰুণা আৰু বহুগৰাকীক অন্তৰ্ভূক্ত কৰা হৈছে।
ইয়াৰ উপৰিও IAS পূজা কুলকাৰ্ণীক নিষেধাজ্ঞা আৰু আবকাৰী হিচাপে নিযুক্তি দিয়া হৈছে। কুলকাৰ্ণী ২০২৩ বেচৰ IAS বিষয়া। তেওঁৰ নিযুক্তি অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব সুৰা বিক্ৰী নিয়ন্ত্ৰণ কৰা। কুলকাৰ্ণী মূলতঃ কৰ্ণাটকৰ। মুখ্যমন্ত্ৰী বিজয়ে ড০ পি সেনথিল কুমাৰক তেওঁৰ অতিৰিক্ত মুখ্য সচিব হিচাপে নিযুক্তি দিছে।
ইয়াৰ উপৰিও, মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ছিংগাপেন টাস্ক ফ’ৰ্চ। অহা সপ্তাহত এই টাস্ক ফ’ৰ্চ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অহা ৩ জুনত ৰাজ্য চৰকাৰৰ নতুন ডিজিপি মহেশ কুমাৰ আগৰৱালাই দায়িত্ব ল’ব। তামিলনাডুত ১৩ গৰাকীক মহিলাক সংগ্ৰাহক হিচাপে নিযুক্তি দি বিজয়ে মহিলাৰ সুৰক্ষাৰ এজেণ্ডা শক্তিশালী কৰিছে।








