বিহাৰৰ জেহানাবাদত শাওনৰ চতুৰ্থ সোমবাৰে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মাখদমপুৰৰ ভানাভাৰৰ সিদ্ধেশ্বৰ মন্দিৰত সংঘটিত হৈছে এই ঘটনা।
ঘটনাত ৭ জন লোকৰ মৃত্যু হৈছে। ইফালে, দুৰ্ঘটনাত কেইবাজনো লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰাই ঘটনাস্থলীত আৰক্ষীৰ দল মোতায়ন কৰা হৈছে।
উল্লেখ্য যে, শাওনৰ চতুৰ্থ সোমবাৰে প্ৰাৰ্থনা কৰিবলৈ বহু সংখ্যক ভক্তই জেহানাবাদৰ সিদ্ধেশ্বৰ মন্দিৰত ভিৰ কৰিছিল। মন্দিৰত লাখ-লাখ ভক্তৰ ভিৰ হোৱাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, শিৱক পানী আগবঢ়োৱাৰ বাবে মন্দিৰলৈ যোৱাৰ পথত চিৰি খহি পৰিছিল। চিৰি খহি পৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ ৭ জন লোকে মৃত্যুবৰণ কৰে।
ইফালে, এই ঘটনাৰ পিছতে গোপালগঞ্জ প্ৰশাসনে সকলো শিৱলয়ত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। ঐতিহাসিক ধনেশ্বৰ নাথ মহাদেৱ আৰু বাবা বাল খাণ্ডেশ্বৰনাথ মহাদেৱ মন্দিৰত দণ্ডাধীশ আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।