এতিয়াৰে পৰা আপুনি ক’লা যাদু, জৰা-ফুকা, আই লম্ভা ইত্যাদি প্ৰথা ব্যৱহাৰ কৰোতে সাৱধান। শেহতীয়াকৈ এখন ৰাজ্যৰ বিধানসভাই সৰ্বসন্মতিক্ৰমে এক বিধেয়ক গৃহীত কৰে। যিখন বিধেয়কৰ জৰিয়তে এই প্ৰথা অৱলম্বন কৰিলে ভুগিব লাগিব ৭ বছৰ পৰ্য্যন্ত কাৰাদণ্ড।
গুজৰাটত মানৱ বলি, আঘোৰী প্ৰথা আৰু ক’লা যাদু নিষিদ্ধ কৰাৰ বাবে এক কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। ইয়াৰ অধীনত এই অমানৱীয় কাৰ্যত নিজকে পাকৈত বুলি দাবী কৰা বা ইয়াৰ জৰিয়তে নিৰীহ লোকক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাসকলক কঠোৰ শাস্তি দিয়াৰ আইন প্ৰণয়ন কৰা হৈছে।
বুধবাৰে গুজৰাট বিধানসভাই সৰ্বসন্মতিক্ৰমে ‘গুজৰাটত মানৱ বলি অমানৱীয় কাৰ্য্য আঘোৰী প্ৰথা আৰু ক’লা যাদু সন্দৰ্ভত বিধেয়ক- ২০২৪ প্ৰতিৰোধ আৰু বিলুপ্তি’ গৃহীত কৰে। যাৰ উদ্দেশ্য হৈছে অলৌকিক শক্তি থকা বুলি দাবী কৰা এনে প্ৰৱঞ্চকৰ অপৰাধমূলক কাৰ্যকলাপৰ পৰা মানুহক ৰক্ষা কৰা।
গুজৰাট ৰাজ্য চৰকাৰে কয় যে এই আইনখনে অলৌকিক বা যাদুকৰী শক্তিৰ আৱৰণত বিয়পি পৰা অপৰাধমূলক কাৰ্য্যত নিষেধাজ্ঞা আৰোপ কৰিব, যিয়ে মানুহক দুষ্ট আত্মাৰ পৰা মুক্ত কৰা হ’ব বুলি দাবী কৰে।
সাধাৰণতে ক’লা যাদু বুলি জনাজাত এই সমাজখন প্ৰৱঞ্চকৰে ভৰি আছে। যিয়ে নিৰীহ লোকক শোষণ কৰাৰ একমাত্ৰ উদ্দেশ্যেৰে এই ক’লা যাদু প্ৰদৰ্শন কৰে।
গুজৰাট চৰকাৰৰ এই নতুন আইন প্ৰণয়নৰ উদ্দেশ্য হৈছে সেই প্ৰথা আৰু সেইবোৰ কাৰ্যকৰী কৰা ব্যৱসায়ীসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা।