উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এটা তিনি মহলীয়া অট্টালিকা ভাঙি পৰাৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এতিয়ালৈকে এই ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে যদিও ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ অভিযান এতিয়াও চলি আছে।
জানিব পৰা মতে এই দুৰ্ঘটনাত প্ৰায় ২৮ জন লোক আহত হৈছে আৰু তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।
লাভ কৰা তথ্য অনুসৰি দেওবাৰে পুৱা উদ্ধাৰকাৰীয়ে ধ্বংসাৱশেষৰ পৰা আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰাৰ পিছত লক্ষ্ণৌ অট্টালিকা ভাঙি পৰা কাণ্ডত মৃত্যুৰ সংখ্যা আঠলৈ বৃদ্ধি পায়।
পৰিবহন নগৰ অঞ্চলত অৱস্থিত ভাঙি পৰা অট্টালিকাটোত এটা গুদাম আৰু মটৰ কৰ্মশালা আছিল। প্ৰশাসনৰ শীৰ্য বিষয়া জি এছ নবীনৰ মতে, উদ্ধাৰ অভিযানৰ সময়ত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে ৰাজ কিশোৰ (২৭), ৰুদ্ৰ যাদৱ (২৪) আৰু জগৰুপ সিং (৩৫)ৰ মৃতদেহ উদ্ধাৰ কৰে।
জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে এতিয়া এই ধ্বংসাৱশেষত যাতে আন কোনো লোক আবদ্ধ হৈ নাথাকে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে। ‘হাৰমিলাপ বিল্ডিং’ নামেৰে চিনাক্ত কৰা অট্টালিকাটো ঔষধ ব্যৱসায়ৰ গুদাম হিচাপে ব্যৱহাৰ কৰা হৈছিল।
উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, প্ৰায় চাৰি বছৰ পূৰ্বে নিৰ্মিত এই অট্টালিকাটোত নিৰ্মাণ কাৰ্য্য চলি থকাৰ সময়তে অট্টালিকাটো ভাঙি পৰে। ঘটনাৰ সময়ত অধিকাংশ লোকেই তলৰ মহলাত কাম কৰি আছিল।