বিহাৰৰ সৰণ জিলাত বৃহস্পতিবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। এটা মন্দিৰৰ পুৰণি দেৱাল ভাঙি পৰাৰ ফলত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে এগৰাকী কন্যা শিশু আহত হয়। এই ঘটনাই মৃতকৰ পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
জানিব পৰা অনুসৰি, নগৰ আৰক্ষী থানা এলেকাৰ সোণাৰপট্টি মহল্লাৰ সাহেবগঞ্জস্থিত কঠিয়া বাবাৰ মন্দিৰৰ সমীপত বানৰ ফলত জমা হোৱা পানীত খেলি থকা সময়তে মন্দিৰৰ পুৰণি দেৱালখন শিশুকেইটাৰ ওপৰত ভাঙি পৰে।
ঘটনা সংঘটিত হোৱাৰ পিছতে শিশু কেইটাক মন্দিৰৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰে স্থানীয় লোকে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু শিশু দুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ হাস্পতাল চাপ্ৰালৈ প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
ইফালে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, সৰ্যু নদীৰ জলস্তৰ বৃদ্ধি পোৱা বাবে অঞ্চলটোত বান সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। সেই বানৰ পানী শিশুকেইটাই খেলি থকা অৱস্থাত মন্দিৰৰ পুৰণি দেৱালখন ভাঙি পৰাৰ ফলত শিশু দুটিৰ মৃত্যু হয়।