বিহাৰৰ মুজাফৰপুৰ জিলাৰ ঔৰাই ব্লকৰ ঘনশ্যামপুৰ পঞ্চায়তৰ বেছী বজাৰৰ সমীপত এখন সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পানীত পৰি যায়। এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ এজন জোৱান আহত হয়। স্থানীয় নাৱিকসকলে জোৱানজনক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়।
ঘটনা সংঘটিত হোৱাৰ পিছতে জিলা প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ এটা দলত সেই স্থানত উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লয়।
জানিব পৰা মতে, হেলিকপ্টাৰখন সীতামঢ়ী অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। হেলিকপ্টাৰখনে বন্যাৰ্তৰ বাবে খাদ্য সামগ্ৰীৰ পেকেট যোগান দি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব প্ৰত্যয় অমৃতে এক বিবৃতিত কয় যে পাইলটৰ বুদ্ধিমত্তাৰ বাবেই এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে।
ইঞ্জিন বিকল হোৱাৰ বাবেই দুৰ্ঘটনাত লিপ্ত হোৱা হেলিকপ্টাৰখনত থকা সকলো বায়ুসেনাৰ জোৱান আৰু পাইলট সুৰক্ষিত।
জানিব পৰা অনুসৰি, পাইলট আৰু আহত জোৱানক চিকিৎসাৰ বাবে এছ কে এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে। হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে এছডিআৰএফৰ দলেও উদ্ধাৰ অভিযান আৰম্ভ কৰে।