পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ বাবে চৰকাৰে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত অহা ১২ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ লকডাউন বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দিন কেইটাত বিবাহ হল, কেফে, ৰেষ্টুৰেণ্ট, স্নুকাৰ ক্লাব বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
পাকিস্তান আৰক্ষী প্ৰশাসনে ইছলামাবাদ আৰু ৰাৱালপিণ্ডিৰ বিবাহ হল, কেফে, ৰেষ্টুৰেণ্ট আৰু স্নুকাৰ ক্লাবসমূহ অহা ১২ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ বন্ধ কৰাৰ নিৰ্দেশ দি ৰাৱালপিণ্ডি আৰু ইছলামাবাদৰ ব্যৱসায়ী, হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিকসকললৈ এই নিৰ্দেশ উলংঘা নকৰিবলৈ সকীয়াই দিয়ে। যদিহে কোনো লোকে এই নিৰ্দেশনা উলংঘা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।
অহা ১৬ আৰু ১৭ অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ বাবে নিৰাপত্তাৰ দোহাৰি দি কোৱা হৈছে যে এই সময়ছোৱাত কোনো ৰাজহুৱা অনুষ্ঠান, বিবাহ অনুষ্ঠান বা কোনো দল বা আন ৰাজহুৱা অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব।
ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে চীনৰ প্ৰধানমন্ত্ৰীৰ লগতে অন্যান্য ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিবলগীয়া এছ চি অ’ সন্মিলনৰ নিৰাপত্তাৰ বাবে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি কয়।
সেনাৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি পাকিস্তান চৰকাৰে নিৰাপত্তাৰ দায়িত্ব সেনাক অৰ্পণ কৰিছে। স্থানীয় আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীক পোনপটীয়াকৈ সামৰিক কৰ্তৃপক্ষৰ অধীনত কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ ১০ হাজাৰৰো অধিক জোৱান আৰু কমাণ্ডো মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইফালে সন্মিলনৰ এই চাৰিটা দিনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ তেহৰিক-ই-ইনছাফ দলে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।