ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। শাশাৰগাঁও ১১৭ A নং ৰাষ্ট্ৰীয় ঘাইপথত এখন স্কুটী আৰু মাৰুতি অল্ট’ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় স্কুটি আৰোহী জন।
নিহত ব্যক্তিজন ফুটকীবাৰীৰ গৌৰঙটাৰিৰ ২ য় খণ্ড গাঁৱৰ বাসিন্দা নিতৃ চন্দ্ৰ ৰায় (২৮) বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্ৰস্ত মাৰুতি অল্ট’ বাহনখনৰ নম্বৰ AS 01 AA 1855 আৰু স্কুটীখনৰ নম্বৰ AS 17 L 5349 বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলত সাপটগ্ৰাম আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়।