ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৰাণীগঞ্জত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ৰাণীগঞ্জ বজাৰৰ ভাৰতীয় ষ্টেট বেংকৰ এটা CSP চেণ্টাৰত অচিনাক্ত দুৰ্বৃত্তই ধাৰাসাৰ গুলীবৰ্ষণ চলোৱাৰ খবৰ আহিছে।
বাইকত অহা তিনি দুৰ্বৃত্তৰ ধাৰাবাহিক গুলীত গুৰুতৰভাৱে তিনিজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্বৃত্তৰ গুলীত আহত হোৱা লোককেইজন হৈছে আবিদুৰ ৰহমান, ৰতন ৰায় আৰু আব্দুল গফুৰ। ইয়াৰে ওবাইদুৰ ৰহমান আৰু ৰতন ৰায়ৰ অৱস্থা অতি সংকটজনক।
উল্লেখ্য যে, আক্ৰমণৰ লক্ষ্য কৰি লোৱা ৰাণীগঞ্জ বজাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ CSP চেণ্টাৰটোৰ স্বত্বাধিকাৰী হৈছে ওবাইদুৰ ৰহমান।
ওবাইদুৰ ৰহমান আৰু ৰতন ৰায়ৰ অৱস্থা অতি সংকটজনক হোৱা বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইফালে গুলীচালনা কৰি ঘটনাস্থলৰ পৰা তিনিওজন দুৰ্বৃত্তই পলায়ন কৰে। এই ঘটনাক লৈ লৈ সমগ্ৰ বিলাসীপাৰাত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে।
আনহাতে ঘটনাস্থলীত ধুবুৰী আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।