বৰ্তমান বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে এক হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ইস্কনৰ সাধু চিন্ময় কৃষ্ণ দাসক দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছৰে পৰা দেশত তেওঁৰ মুক্তিৰ দাবী উত্থাপন কৰা হৈছে।
ইফালে, এতিয়া কলকাতা ইস্কনৰ মুখপাত্ৰ ৰাধাৰাম দাসে সোমবাৰে দাবী কৰে যে, প্ৰভু চিন্ময় দাসৰ গোচৰত যুঁজ দিয়া অধিবক্তা ৰমন ৰায়ক বাংলাদেশত বেয়াকৈ আক্ৰমণ কৰা হৈছিল আৰু বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে।
ৰাধৰাম দাসৰ মতে, ৰমন ৰায়ৰ এটা ভুলৰ বাবেই তেওঁক আক্ৰমণ কৰা হৈছিল আৰু সেয়া হ’ল তেওঁ প্ৰভু চিন্ময়ৰ গোচৰত যুঁজি আছে। ইছলাম ধৰ্মৰ মৌলবাদীয়ে অধিবক্তাজনৰ ঘৰ ভাঙি ভাঙি পেলোৱাৰ কথাও ৰাধাৰাম দাসে কয়।
কলকাতাৰ ইস্কন মুখপাত্ৰই কয় যে, এই আক্ৰমণত অধিবক্তা ৰয় বৰ বেয়াকৈ আহত হৈছে আৰু বৰ্তমান তেওঁ আই চি ইউত ভৰ্তি হৈ আছে আৰু হাস্পতালত জীৱন-মৃত্যুৰ বাবে যুঁজি আছে।
ৰাধৰাম দাসে ৰমন ৰায়ৰ ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি কয় যে, অধিবক্তা ৰমন ৰায়ৰ বাবে প্ৰাৰ্থনা কৰা উচিত। তেওঁৰ একমাত্ৰ দোষ যে, তেওঁ চিন্ময় প্ৰভুৰ গোচৰৰ বিৰুদ্ধে যুঁজি আছে। ইছলামিক মৌলবাদীয়ে তেওঁৰ ঘৰ ভাঙি ইমান বেয়াকৈ আক্ৰমণ কৰা হৈছে যে, বৰ্তমান তেওঁ আই চি ইউত আছে।
এটা বাংলা চেনেলৰ সৈতে হোৱা কথা-বতৰাত ৰাধাৰাম দাসে কয় যে, অধিবক্তা ৰায়ৰ ওপৰত এই আক্ৰমণ চিন্ময় কৃষ্ণ প্ৰভুৰ আইনী প্ৰতিৰক্ষাৰ ফল। ইয়াৰ ফলত বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ ৰক্ষা কৰাসকলৰ বাবে ক্ৰমাৎ ভাবুকিৰ সৃষ্টি হৈছে।
বাংলাদেশ সমিতি সনাতনী জাগৰণ জোটৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰভু চিন্ময় কৃষ্ণক সোমবাৰে ঢাকাৰ হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চট্টোগ্ৰামলৈ গৈ ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়। লগতে তেওঁক আদালতে জামিনত অস্বীকাৰ কৰি মঙলবাৰে জেললৈ প্ৰেৰণ কৰে।