দেশজুৰি খান ছাৰৰূপে পৰিচত ফৈজল খানক শুকুৰবাৰে সন্ধিয়া প্ৰতিবাদস্থলৰ পৰা আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰাৰ পিছত তেওঁক গৰ্দনীবাগ থানালৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে।
খান ছাৰৰ লগতে দিলীপ নামৰ এজন ছাত্ৰ নেতাকো আৰক্ষীয়ে আটক কৰাৰ খবৰ আহিছে। এই ঘটনাৰ পিছতে বিহাৰ লোকসেৱা আয়োগ চমুকৈ বি পি এছ চি প্ৰাৰ্থীসকলৰ মাজত ক্ষোভৰ উদগীৰণ হোৱা পৰিলক্ষিত হৈছে।
শাসনৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰি খান ছাৰে কয় যে লাঠিচাৰ্জ হওক বা জেল হওক, স্বাভাৱিককৰণ প্ৰক্ৰিয়া প্ৰত্যাহাৰ নোহোৱালৈকে আন্দোলন চলি থাকিব।
তেওঁ ঘোষণা কৰে যে এইটো অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰু তেওঁ প্ৰতিগৰাকী প্ৰাৰ্থীৰ সৈতে থিয় দিব। সংবাদ মাধ্যমৰ সৈতে কথা পাতি খান ছাৰে প্ৰাৰ্থীসকলৰ দাবীক ন্যায্যতা প্ৰদান কৰে। তেওঁ কয় যে আবেদন প্ৰক্ৰিয়াৰ সময়তো প্ৰাৰ্থীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰিছে ‘এটা শ্বিফট, এটা পেপাৰ’। বিগত বৰ্ষৰ দৰে ৭০ সংখ্যক বিহাৰ লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী প্ৰাৰ্থীসকলে।