চোৰাংকৈ মাছ ধৰিবলৈ যোৱা দুই ভাতৃক গুলীয়াইছিল বনৰক্ষীয়ে। বনৰক্ষীৰ গুলী লাগি নিহত হৈছিল জুৰীয়া ধিংবৰী চাপৰি গাঁৱৰ ছমিৰউদ্দিন আৰু আব্দুল জলিল নামৰ দুই ভাতৃ।
দুই ভাতৃৰ নিহত হোৱাৰ ঘটনাক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে নগাঁও জিলা উপায়ুক্তই। নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এক নিৰ্দেশযোগে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত সুদীপ নাথক দায়িত্ব অৰ্পণ কৰি ১০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ জাৰি কৰিছে।
২১ জুনৰ নিশা লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিলত চোৰাংকৈ মাছ ধৰিবলৈ গৈছিল ছমিৰউদ্দিন আৰু আব্দুল জলিলে। বনৰক্ষীয়ে চোৰাংকৈ মাছ ধৰিবলৈ যোৱা দুই ভাতৃক লক্ষ্য কৰি নিক্ষেপ কৰিছিল গুলী। বনৰক্ষীৰ গুলীত নিহত হৈছিল দুই ভাতৃ।