হেলমেট নিপিন্ধাসকলৰ ফটো তুলি প্ৰকাশ কৰিব আৰক্ষীয়ে। গুৱাহাটীৰ ৰাজপথত হেলমেট নিপিন্ধাসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে। শেহতীয়াকৈ আৰক্ষীয়ে প্ৰকাশ কৰিছে শ শ ফটো। আপুনি বাৰু হেলমেট পিন্ধা নাছিল নেকি, তেন্তে ফটো প্ৰকাশ পাব পাৰে আপোনাৰ। ফটো প্ৰকাশৰ লগতে আপুনি ভৰিব লাগিব জৰিমণা। আদালতলৈ যাব লাগিব পাৰে আপুনি। হেলমেট নিপিন্ধাসকলৰ বিৰুদ্ধে পূৰ্বতকৈ বেছি কঠোৰ হৈ পৰিছে পৰিবহন বিভাগ। উন্নতমানৰ আৰু সুৰক্ষিত হেলেমেট পৰিধান কৰিব লাগিব। গুৱাহাটীৰ কেইবাটাও প্ৰান্তত লাগি আছে উন্নতমানৰ কেমেৰা। এই কেমেৰাই আপোনাক নীৰিক্ষণ কৰি আছে। পৰিবহণ বিভাগে শেহতীয়াকৈ চলাইছে অভিযান। ৰাইজক সজাগ কৰিবলৈ বিশেষ পদক্ষেপ লৈছে পৰিবহণ বিভাগে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই এনে পদক্ষেপ লৈছে বিভাগে।