পেৰিছ অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰা মনু ভাকৰে লাভ কৰিবনে খেল ৰত্ন বঁটা? ক্ৰীড়া মন্ত্ৰালয়ৰ তালিকাত ভাকৰৰ নাম নাই নেকি? ক্ৰীড়ানুৰাগীৰ মাজত চলি থকা এই চৰ্চা সন্দৰ্ভত আহিছে ডাঙৰ খবৰ।
জানিব পৰা অনুসৰি, ক্ৰীড়া মন্ত্ৰালয়ৰ চূড়ান্ত তালিকাত মনু ভাকৰৰ নাম নাই। একেটা অলিম্পকতে দুটাকৈ পদক অৰ্জন কৰি ইতিহাস ৰচা মনু ভাকৰে এইবাৰৰ বাবে এই বঁটাৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
এতিয়ালৈকে বিভাগৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, খেল ৰত্ন বঁটাৰ বাবে আৱেদন কৰা মনু ভাকৰৰ নাম নাই চূড়ান্ত তালিকাত।
স্মৰ্তব্য যে, মন্ত্ৰালয়ে মনুৱে আৱেদন কৰা নাই বুলি দাবী কৰে যদিও মনু ভাকৰৰ পিতৃ ৰামকিষণ ভাকৰে খেল ৰত্ন বঁটাৰ বাবে মনু ভাকাৰে আবেদন কৰা বুলি দাবী কৰে।
এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মনু ভাকৰে। মনু ভাকৰে কয় যে মই অত্যন্ত নিৰাশ হৈছো, খেল ৰত্ন পাম বুলি আশা কৰিছিলো।
তেওঁ লগতে কয় যে, বঁটা নোপোৱাৰ বাবে মনত দুখ লাগিলেও খেলুৱৈ হিচাপে মই মোৰ কৰিবলগীয়াখিনি কৰি যাম। মই মোৰ লক্ষ্যত উপনীত হ’বলৈ মই সদায় উৎসৰ্গিত হৈ থাকিম।
উল্লেখ্য যে, লাভ কৰা খবৰ অনুসৰি, ক্ৰীড়া মন্ত্ৰী ডাঃ মনসুখ মাণ্ডবিয়াই এদিন বা দুদিন পিছতহে চূড়ান্ত তালিকাৰ সিদ্ধান্ত ল’ব।