২০১৯ চনত চীনৰ পৰা অহা এটা বিপজ্জনক ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চীনত বৰ্তমান এটা নতুন ভাইৰাছ বিয়পি পৰিছে, যাৰ নাম হৈছে এইচ পি এম ভি ভাইৰাছ বুলি কোৱা হৈছে।
এই ভাইৰাছবিধও ক’ভিডৰ দৰেই বিয়পি পৰিছে। ক’ৰোণা ভাইৰাছৰ দৰে এই ভাইৰাছকো মাৰাত্মক, বিষাক্ত বুলি গণ্য কৰা হৈছে। খবৰ অনুসৰি, বৰ্তমান চীনত বহু লোক এই ভাইৰাছৰ চিকাৰ হৈছে।
চীনৰ এই এইচ পি এম ভি ভাইৰাছৰ উপস্থিতিৰ বিষয়ে আলোচনা চলি আছে। সংবাদ মাধ্যমৰ বাতৰিয়ে চীনৰ বিভিন্ন ঠাইত এই ৰোগৰ সংক্ৰমণ নিশ্চিত কৰিছে। শেহতীয়া ৰোগীৰ ক্ষেত্ৰত মূলতঃ ১৪ বছৰৰ তলৰ ব্যক্তিৰ সৈতে জড়িত। ৰয়টাৰৰ প্ৰতিবেদনৰ ভিত্তিত নিউজ নাইনৰ এক প্ৰতিবেদনে এই কথা নিশ্চিত কৰিছে। ইয়াৰ উপৰিও এক্সৰ এটা ভিডিঅ’ই চীনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰতো পোহৰ পেলাইছে।
এইচ পি এম ভি ভাইৰাছ কি?
এই ভাইৰাছবিধৰ বিষয়ে এতিয়াও বিশেষ তথ্য প্ৰকাশ হোৱা নাই যদিও চিকিৎসা ভাষাত এইচ পি এম ভি ভাইৰাছ হৈছে এনে এটা ভাইৰাছ, যি বিশেষভাৱে নিউমোভাইৰিডে, মেটাপনিউমোভাইৰাছ প্ৰজাতিৰ সৈতে মিল খায়।
২০০১ চনত এটা গৱেষণা কৰা হৈছিল, য’ত এই ভাইৰাছৰ আৱিষ্কাৰ হৈছিল। তাৰ পিছত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ থকা নমুনা পৰীক্ষাৰ সময়ত পোৱা গৈছিল।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৈতে জড়িত ভাইৰাছ, যিয়ে কাৰোবাক আক্ৰান্ত কৰি কাহ, হাঁচি, কফ আৰু জ্বৰৰ সৃষ্টি কৰে। আচলতে কৰোণা ভাইৰাছৰ দৰে এই ৰোগে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে। ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ শৰীৰত ধৰা দিবলৈ ৩ৰ পৰা ৫ দিন পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়।যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, সেই লোকসকল এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।