ম’হ যুঁজৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰ, বিশেষকৈ গৃহ আৰু ৰাজনৈতিক বিভাগক ৰাজ্যত যাতে কোনো ধৰণৰ ম’হৰ যুঁজ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ অনুষ্ঠানৰ আয়োজকসকলৰ বিৰুদ্ধে উপযুক্ত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।
অসমীয়া শস্য চপোৱা উৎসৱ ভোগালী বিহু উপলক্ষে ম’হৰ যুঁজৰ আয়োজন কৰা হয়।জানুৱাৰী মাহত ৰাজ্যৰ বিভিন্ন জিলাত প্ৰকাশ্যভাৱে অনুষ্ঠিত হোৱা “অবৈধ” ম’হৰ যুঁজৰ উদ্ধৃতি দি পিপ’ল ফ’ৰ দ্য’ এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ ইণ্ডিয়া (পেটা ইণ্ডিয়া)ই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ গৃহীত কৰে।
আদালতে উল্লেখ কৰে যে, পশুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ বিধিগত বিধানৰ অধীনত অসমত ম’হৰ যুঁজৰ অনুমতি দিব নোৱাৰি। গতিকে এই অনুষ্ঠানসমূহৰ যিকোনো আয়োজন বাধ্যতামূলক ন্যায়িক নজিৰ উলংঘা কৰা হ’ব।
পেটা ইণ্ডিয়াই এই খেলৰ সময়ত ম’হৰ ওপৰত হোৱা নিষ্ঠুৰতাৰ নতুন প্ৰমাণ দি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত আৱেদন দাখিল কৰিছিল। যাৰ বাবে পেটা ইণ্ডিয়াই এই পৰিঘটনাৰ বিৰুদ্ধে জবাবদিহিতা আৰু জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰাৰ্থনা কৰিছিল। যাৰ বাবে ভৱিষ্যতে এনে কোনো পৰিঘটনা ৰোধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছিল।
উল্লেখ্য যে, ২০২৪ চনৰ ডিচেম্বৰ মাহত পেটা ইণ্ডিয়াই দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে জানুৱাৰী মাহত ম’হ আৰু বুলবুল চৰাইৰ যুঁজৰ অনুমতি দিয়া অসম চৰকাৰৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) বাতিল কৰিছিল।
পেটা ইণ্ডিয়াই আক্ষেপ প্ৰকাশ কৰে যে, এই স্পষ্ট আৰু বাধ্যতামূলক ন্যায়িক নিৰ্দেশনাৰ মাজতো চলিত বৰ্ষৰ আৰম্ভণিতে অসমত অবৈধ ম’হৰ যুঁজৰ আয়োজন কৰা হৈছিল। যাৰ বাবে এই সংস্থাটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।











