সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে পালন কৰা হয় এই দিৱস। ১৯৬৯ চনত UNESCO সন্মিলনত গ্ৰহণ কৰা পৰামৰ্শ অনুসৰি ১৯৭০ চনৰ পৰা আজিৰ দিনটোতে পালন কৰি অহা হৈছে বিশ্ব ধৰিত্ৰী দিৱস। এইবাৰৰ ধৰিত্ৰী দিৱসৰ বিষয়বস্তু হৈছে- “Our Power, Our Planet”.
নিশা বতৰৰ কালৰূপ।বজ্ৰপাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। নাওবৈচাৰ ভৰলুৱা গাঁৱত শোকাৱহ ঘটনা।নিহত মহিলা গৰাকীৰ নাম চবিনা বেগম। ঘৰৰ ভিতৰতে বজ্ৰপাতত প্ৰাণ হেৰুৱালে মহিলাগৰাকীয়ে। ধুমুহা-শিলাবৃষ্টিত গোৱালপাৰা, ধুবুৰীত বিস্তৰ ক্ষতি সাধন হয়। ধুমুহাই উৰুৱাই নিলে বহু লোকৰ বাসগৃহ। পশ্চিম গোৱালপাৰাৰ বিভিন্ন ঠাইত ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বিস্তৰ ক্ষতি সাধন হয়।
আজিৰে পৰা ভক্তৰ বাবে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ। বাবা কেদাৰনাথ ধাম দৰ্শনৰ বাবে প্ৰথম দিনটোতে হাজাৰ হাজাৰ ভক্তৰ আগমন হৈছে।ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত এই পৱিত্ৰ স্থানত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী সমৱেত হৈছে আৰু মন্দিৰটো ডাঙৰ ডাঙৰ ফুলৰ মালাৰে সুন্দৰকৈ সজোৱা হৈছে।
২ সপ্তাহৰ বাবে চলি থকা যুদ্ধবিৰতি একপক্ষীয়ভাৱে বৃদ্ধি কৰিবলৈ বাধ্য হ’ল ট্ৰাম্পে। আমেৰিকাক ইৰানে প্ৰস্তাৱ নিদিয়ালৈ যুদ্ধবিৰতি অব্যাহত থাকিব বুলি ঘোষণা ট্ৰাম্পৰ।শান্তি আলোচনাৰ বাবে যুদ্ধবিৰতিৰ সময় বৃদ্ধি কৰা বুলি ঘোষণা ট্ৰাম্পৰ।হৰমুজত অৱৰোধ বন্ধ নকৰালৈ আমেৰিকাৰ সৈতে আলোচনা নবহে ইৰানে।ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিলেও হৰমুজ খুলি দিয়া নহয় বুলি ঘোষণা ইৰানৰ।











