ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-
১৯০৬: গ্ৰীচৰ এথেন্সত দশম অলিম্পিক গেমছ আৰম্ভ হয়।
১৯১৫: প্ৰথম বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাই প্ৰথমবাৰৰ বাবে বিষাক্ত গেছ ব্যৱহাৰ কৰিছিল।
১৯২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় অসামৰিক সেৱাৰ পৰা পদত্যাগ কৰে।
১৯৩১: ইজিপ্ত আৰু ইৰাকে শান্তি চুক্তি স্বাক্ষৰ কৰে।
১৯৫৮: এডমিৰেল আৰ ডি কাটাৰী ভাৰতীয় নৌসেনাৰ প্ৰথম ভাৰতীয় মুৰব্বী হয়।
১৯৭০: বিশ্বজুৰি প্ৰথমবাৰৰ বাবে পৃথিৱী দিৱস পালন কৰা হয়।
১৯৮৩: ছয়ুজ টি-৮ মহাকাশযান পৃথিৱীলৈ ঘূৰি আহে।
১৯৯৭: পেৰুত থকা জাপানৰ দূতাবাসত চাৰি মাহৰ ঘেৰাও শেষ কৰিবলৈ সামৰিক বাহিনীয়ে প্ৰৱেশ কৰে।
২০১২: লণ্ডন মাৰাথনৰ সময়ত এগৰাকী ৩০ বছৰীয়া মহিলা অংশগ্ৰহণকাৰীৰ মৃত্যু হয়।
২০১৬: জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ১৭০ খনতকৈও অধিক দেশে পেৰিছ চুক্তি স্বাক্ষৰ কৰে। ২০১৬ চনৰ নৱেম্বৰ মাহত ইয়াক কাৰ্যকৰী কৰা হৈছিল।
২০২১: আমেৰিকাৰ কংগ্ৰেছ কমিটীয়ে চীন কৌশলগত প্ৰতিযোগিতা বিধেয়কত অনুমোদন জনায়।
২০২১: জাপানে ২০৩০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন হ্ৰাসৰ লক্ষ্য ২৬ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।
২০২১: যুৱ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ সাতগৰাকী মহিলা বক্সাৰে স্বৰ্ণ পদক লাভ কৰে।
২০২১: নদীম-শ্ৰাৱন যুটিৰ সংগীত শিল্পী শ্ৰৱণৰ কৰ’না সংক্ৰমণত মৃত্যু। ৯০ দশকত “আশিকী”, “সাজন”, “পৰ্দেছ”, “ৰাজা হিন্দুস্তানী” আদি ছবিৰ বাবে এই যুটিয়ে সুৰীয়া সংগীতৰ ব্যৱস্থা কৰিছিল।
২০২১: বাধ্যতামূলক ক’ভিড টেষ্টৰ পৰা হাত সাৰিবলৈ অসমৰ শিলচৰ বিমানবন্দৰৰ পৰা প্ৰায় ৩০০ যাত্ৰী পলায়ন কৰে।











