আহমেদাবাদৰ ঘটনাৰ পিছতেই ১৫ জুনৰ পুৱা লক্ষ্ণৌ বিমানবন্দৰত আন এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হয়। আচলতে চৌদি আৰৱৰ জেদ্দাৰ পৰা SV 3112 বিমান অৱতৰণৰ সময়ত বিমানখনৰ চকাৰ পৰা স্ফুলিংগ আৰু ধোঁৱা ওলাবলৈ ধৰে। এই বিমানত প্ৰায় ২৫০ জন হজ তীৰ্থযাত্ৰী আছিল।
এই বিমানখনে পুৱা ৬:৩০ বজাত আহি লক্ষ্ণৌ পায়। বিমানখন ৰাণৱেত অৱতৰণ কৰাৰ লগে লগে ইয়াৰ এটা চকাৰ পৰা স্ফুলিংগ ওলাই অহা দেখা যায়। লগে লগে বিমানবন্দৰৰ কৰ্মচাৰীয়ে সজাগতা প্ৰদৰ্শন কৰি জৰুৰীকালীন পদ্ধতি গ্ৰহণ কৰি সকলো যাত্ৰীক নিৰাপদে উলিয়ায়। এই ঘটনাৰ বিষয়ে জানিব পাৰি যাত্ৰীসকল আতংকিত হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিমানখন পিছলৈ ঠেলি টেক্সিৱেলৈ অনা হয়। তাৰ পৰাই যাত্ৰীসকলক নিৰাপদে উলিয়াই অনা হয়।
১২ জুনত লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান বৃহৎ দুৰ্ঘটনাৰ বলি হয়। উৰণৰ কেইমিনিটমান পিছতে আহমেদাবাদৰ মেডিকেল কলেজৰ চৌহদত এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি, বিমানখনত মুঠ ২৪২ জন লোক আছিল, ইয়াৰে ২৪১ জন লোকৰ মৃত্যু হৈছিল। দুৰ্ঘটনাটোত মাত্ৰ এজন যাত্ৰীৰহে প্ৰাণ ৰক্ষা পৰে। অৱশ্যে তেওঁকো অতি অৱস্থা সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই দুৰ্ঘটনাটো কেৱল বিমানতে সীমাবদ্ধ নাছিল। সেই ঠাইৰ আশে-পাশে থকা বহু লোকক পতিত বিমানখনে আঘাত কৰে, যাৰ বাবে মুঠ মৃত্যুৰ সংখ্যা ২৭০ জনতকৈও অধিক হৈছে।
এই দুৰ্ঘটনাক ভাৰতৰ বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম বেদনাদায়ক আৰু ভয়ানক ঘটনা বুলি বিবেচিত হৈছে। চৰকাৰী সংস্থাসমূহে তদন্ত আৰম্ভ কৰিছে আৰু প্ৰাথমিক প্ৰতিবেদন অনুসৰি, কাৰিকৰী দোষক এই দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰণ হিচাপে বিবেচিত কৰা হৈছে। এই দুৰ্ঘটনাৰ বাবে সমগ্ৰ দেশ গভীৰ স্তম্ভিত আৰু শোকত ভাগি পৰিছে।